নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাই আছে। ব্ৰেণ্ট ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ৮২ ডলাৰ আৰু ডব্লিউটিআই ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ৭৮ ডলাৰৰ ওচৰ চাপিছে। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীবোৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত কোনো পৰিৱৰ্তন কৰা নাই।
ইণ্ডিয়ান অইলৰ ৱেবচাইট মতে আজি বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’ল প্ৰতি লিটাৰত ৯৬.৭২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য আছিল ৮৯.৬২ টকা।
ইণ্ডিয়ান অইল ৱেবছাইটৰ মতে, বাণিজ্যিক নগৰী মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৬.৩১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৪.২৭ টকা। একে সময়তে, কলকাতাত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৬.০৩ টকা, আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯২.৭৬ টকা। একেদৰে, চেন্নাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০২.৬৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৪.২৪ টকাত উপলদ্ধ হৈ আছে।
আন্তৰ্জাতিক বজাৰত, ব্ৰেণ্ট ক্ৰুড প্ৰতি বেৰেলত ৮১.৭৫ ডলাৰত ট্ৰেণ্ডিং হৈ আছে। একে সময়তে, ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউটিআই) ক্ৰুডও প্ৰতি বেৰেলত ৭৭.৩২ ডলাৰত ব্যৱসায় কৰি আছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/অৰৱিন্দ/মনোজ
