ঢাকা, ৩১ জুলাই (হি.স.)। বাংলাদেশৰ বেটগাৰী ইউনিয়নৰ আলদাদপুৰ বালাপাৰা গাঁৱত হিন্দুক আক্ৰমণ কৰাৰ অভিযোগত ৫ জন লোকক গ্ৰেপ্তাৰ কৰি বুধবাৰে সন্ধিয়া ৰংপুৰ সংমণ্ডলৰ আদালতত হাজিৰ কৰে আৰক্ষীয়ে। আদালতে পাঁচোজনক জেললৈ প্ৰেৰণ কৰে। ৰংপুৰৰ গংগাচৰা মহকুমাৰ অন্তৰ্গত আলদাদপুৰ বালাপাৰা গাঁও।
দ্য ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি কিশোৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আশ্ৰাফুল ইছলামে কয় যে ৰংপুৰ আদালতে ইয়াচিন আলী (২৫), স্বাধীন মিয়া (২৮), আশ্ৰাফুল ইছলাম (২৮), আতিকুৰ ৰহমান খান (৩০) আৰু ছাদ্দাম হুছেইন চেলিম (২২)ক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। আটাইকেইজন অভিযুক্ত নীলফামাৰীৰ কিশোৰগঞ্জ মহকুমাৰ অন্তৰ্গত মাগুৰা গাঁৱৰ বাসিন্দা।
আৰক্ষী অধীক্ষক আশ্ৰাফুলে জনোৱা মতে, বুধবাৰে পুৱাৰ ভাগত যুটীয়া বাহিনীৰ সদস্যসকলে অভিযুক্তক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা ভুক্তভোগী ৰবীন্দ্ৰ নাথ ৰায়ে গংগাচৰা আদৰ্শ থানাত লণ্ড-ভণ্ড তথা লুণ্ঠনৰ গোচৰ ৰুজু কৰে। এফআইআৰত অভিযুক্ত হিচাপে ১২০০ অচিনাক্ত ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে। ৰায়ে অভিযোগ কৰে যে তেওঁৰ পাঁচটা গৰু, নগদ ধন আৰু সোণৰ গহণা লুটপাত কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে নিশা আৰু দেওবাৰে বিয়লি আলাদাদপুৰ বালাপাৰা গাঁৱৰ হিন্দু সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
