• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ মৃত্যু, গোটেই নিশাটো সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান আৰু আৱামি লীগ হিংসাত্মক পৰিস্থিতিৰ লক্ষ্য
International

ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ মৃত্যু, গোটেই নিশাটো সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান আৰু আৱামি লীগ হিংসাত্মক পৰিস্থিতিৰ লক্ষ্য

CliQ INDIA
Last updated: December 19, 2025 7:10 pm
CliQ INDIA
Share
7 Min Read
SHARE

বংগবন্ধুৰ পূৰ্বপুৰুষৰ ঘৰতো অগ্নিকাণ্ড

ঢাকা, ১৯ ডিচেম্বৰ (হি.স.)। বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ বৃহস্পতিবাৰে ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইয়াৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহস্পতিবাৰে গভীৰ নিশা ঢাকাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। আৱামি লীগৰ কাৰ্যালয়ক লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰি শ্লোগানেৰে উত্তাল কৰি তোলে। কেইবাটাও বাতৰি কাকতৰ কাৰ্যালয়ো ভাঙি পেলোৱা হয়।

বিদেশ মন্ত্ৰালয়ৰ এজন বিষয়াৰ উদ্ধৃতি দি আগশাৰীৰ সংবাদ মাধ্যমৰ গোষ্ঠী প্ৰথম আলোৱে কয় যে ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ বৃহস্পতিবাৰে ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। যোৱা ১২ ডিচেম্বৰত ঢাকাৰ বিজয়নগৰ অঞ্চলত প্ৰচাৰ চলাই থকা অৱস্থাত অচিনাকি দুৰ্বৃত্তই হাদীৰ মূৰত গুলীচালনা কৰিছিল। প্ৰথমে সংকটজনক অৱস্থাত তেওঁক ঢাকাত ভৰ্তি কৰোৱা হৈছিল যদিও ১৫ ডিচেম্বৰত তেওঁক এয়াৰ এম্বুলেন্সেৰে ছিংগাপুৰলৈ স্থানান্তৰ কৰা হয়।

শ্বৰীফ ওছমানৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহিল। বিভিন্ন স্থানত বৃহৎ সংখ্যক উত্তেজিত সমৰ্থকে অগ্নিসংযোগ আৰু লণ্ডভণ্ড কাৰ্যত লিপ্ত হয়। এই সময়ত আৱামি লীগৰ কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছিল। শ্বেখ হাছিনা আৰু ভাৰতৰ বিৰুদ্ধে শ্লোগান দিয়া হৈছিল। প্ৰথাম আলো আৰু ডেইলী ষ্টাৰৰ কেইবাখনো বাতৰি কাকতৰ কাৰ্যালয় ভাঙি জুই লগাই দিয়া হয়। হাদীৰ ক্ষুব্ধ সমৰ্থকে হাদীক নিৰাপত্তা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে কৰ্তৃপক্ষই।

বাংলাদেশৰ ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত পুনৰ অশান্তি আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা সন্ধিয়াৰ পৰা আৰম্ভ হোৱা এই অশান্তি শুকুৰবাৰে পুৱাও অব্যাহত থকাৰ খবৰ পোৱা গৈছে। শুকুৰবাৰে পুৱাই হাদী সমৰ্থকে ঢাকাৰ কৰৱান বজাৰৰ ডেইলী ষ্টাৰ কাকত ভৱনত অগ্নিসংযোগ কৰে। শুকুৰবাৰে সন্ধিয়া ছিংগাপুৰৰ পৰা ওছমান হাদীৰ মৃতদেহ বাংলাদেশত উপস্থিত হ’লে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত ওছমান হাদীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত অগ্নিসংযোগ আৰু হিংসাত্মক ঘটনাৰ ব্যাপক ঘটনা সংঘটিত হয়। আৱামি লীগৰ কাৰ্যালয় আৰু নেতাসকলক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল, আৰু সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহকো লক্ষ্য কৰি লোৱা হৈছিল।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত হাদীৰ মূৰত গুলীয়াইছিল আক্ৰমণকাৰী

১২ ডিচেম্বৰত ঢাকাৰ বিজয়নগৰ অঞ্চলত প্ৰচাৰ চলাই থকাৰ সময়তে হাদীক মূৰত গুলীয়াইছিল আক্ৰমণকাৰীয়ে। তেওঁক প্ৰথমে সংকটজনক অৱস্থাত ঢাকাত ভৰ্তি কৰা হৈছিল। তেওঁৰ অৱস্থা অধিক অৱনতি হোৱাৰ লগে লগে ১৫ ডিচেম্বৰত তেওঁক এয়াৰ এম্বুলেন্সেৰে ছিংগাপুৰলৈ লৈ যোৱা হয় আৰু বৃহস্পতিবাৰে চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। বৃহস্পতিবাৰে নিশা দেশবাসীক সম্বোধন কৰি অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে হাদীৰ মৃত্যু নিশ্চিত কৰে। বৃহস্পতিবাৰে নিশা ইনকিলাব মঞ্চৰ অফিচিয়েল ফেচবুক পেজেও এই খবৰ ঘোষণা কৰে।

আজি সন্ধিয়া ছিংগাপুৰৰ পৰা ঢাকাত উপস্থিত হ’ব হাদীৰ মৃতদেহ

শুকুৰবাৰে সন্ধিয়া ৬:০৫ বজাত ছিংগাপুৰৰ পৰা বাংলাদেশত উপস্থিত হ’ব হাদীৰ মৃতদেহ। ইনকিলাব মঞ্চৰ অফিচিয়েল ফেচবুক পেজত উল্লেখ কৰা হৈছে যে বিমান বাংলাদেশ এয়াৰলাইন্সৰ বাণিজ্যিক বিমানেৰে ওছমান হাদীক ঢাকালৈ ঘূৰাই অনা হ’ব।

হাদীৰ মৃত্যুৰ খবৰে যোৱা নিশা দেশত অশান্তি আৰু হিংসাৰ ঢৌৰ সৃষ্টি কৰিছিল আৰু শুকুৰবাৰৰ পুৱালৈকে অব্যাহত আছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ বিৰুদ্ধে শ্ল’গান দিয়া হয়। আজি সন্ধিয়া ছিংগাপুৰৰ পৰা হাদীৰ মৃতদেহ বাংলাদেশত উপস্থিত হ’লে নতুনকৈ অশান্তিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

বংগবন্ধুৰ পূৰ্বপুৰুষৰ ঘৰত অগ্নিসংযোগ

হাদীৰ মৃত্যুৰ খবৰে ক্ষুব্ধ হৈ সমৰ্থকসকলে ৩২ নং ধনমণ্ডিত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ পূৰ্বপুৰুষৰ ঘৰত জুই লগাইছিল। পূৰ্বতে সংঘৰ্ষকাৰীয়ে যোৱা বছৰ এই ঘৰটোত জুই লগাইছিল।

মিডিয়া গ্ৰুপ ডেইলী ষ্টাৰৰ কাৰ্যালয়ত আক্ৰমণ

ইফালে, ঢাকা ট্ৰিবিউনত প্ৰকাশিত এক বাতৰি অনুসৰি শুকুৰবাৰে পুৱা ঢাকাৰ কৰৱান বজাৰৰ ডেইলী ষ্টাৰ কাকতৰ ভৱনত ক্ষুব্ধ জনতাই জুই লগাই দিয়ে। পুৱালৈকে ছটা অগ্নিনিৰ্বাপক বাহিনীৰ ইউনিটে জুই নিয়ন্ত্ৰণলৈ আনে। এই ঘটনাৰ সময়ত অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ পৰে সাংবাদিকসহ কেইবাজনো কৰ্মচাৰী। বাংলাদেশ সেনাৰ জোৱানে অঞ্চলটো নিৰাপত্তা দিয়াৰ বিপৰীতে অট্টালিকাৰ সন্মুখত একাংশ লোকৰ সমাগম ঘটে।

প্ৰথম আলো কাৰ্যালয়ত আক্ৰমণ আৰু অগ্নিসংযোগ

ইয়াৰ পূৰ্বে যোৱা নিশা প্ৰথম আলো নামৰ আন এটা বিশিষ্ট সংবাদ মাধ্যমক হাদীৰ সমৰ্থকে লক্ষ্য কৰি লৈছিল। ৰাজধানীৰ কাৱৰণ বজাৰত অৱস্থিত বাংলা দৈনিক প্ৰথম আলোৰ মূল কাৰ্যালয়ত বৃহস্পতিবাৰে গভীৰ নিশা আক্ৰমণ, ভাঙি-ছিঙি, জুই লগাই দিয়া হয়। ক্ষুব্ধ জনতাই প্ৰথম আলোৰ কাৰ্যালয়ত আক্ৰমণ চলাই অট্টালিকাটো ঘেৰি ধৰে আৰু শ্লোগান দিয়ে। তাৰ পাছত প্ৰায় ১১:৪৫ বজাত লাঠি আৰু ৰডেৰে সজ্জিত প্ৰতিবাদকাৰীয়ে কাৰ্যালয় ভাঙি টেবুল, চকী, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আঁতৰাই ৰাস্তাত জুই লগাই দিয়ে। ভিতৰত আবদ্ধ হৈ পৰে বৃহৎ সংখ্যক সাংবাদিক আৰু অন্যান্য কৰ্মচাৰী।

প্ৰথম আলোৱে পাঠকৰ ওচৰত ক্ষমা বিচাৰি কয় যে বৃহস্পতিবাৰে নিশা কাৰ্যালয়ত বৃহৎ পৰিসৰৰ আক্ৰমণ, লণ্ডভণ্ড, অগ্নিসংযোগৰ বাবে স্বাভাৱিক কাৰ্য্যকলাপত ব্যাঘাত জন্মিছে। ফলত কাকতখনৰ বৰ্তমানৰ সংস্কৰণ প্ৰকাশ কৰিব পৰা নাছিল। ইয়াৰ অনলাইন পৰ্টেলটোও সাময়িকভাৱে উপলব্ধ নহয়। ক্ষতিগ্ৰস্ত কাৰিকৰী ব্যৱস্থাসমূহ অতি সোনকালে মেৰামতি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ বিএনপিৰ সাধাৰণ সম্পাদকৰ গৰিহণা

বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুল ইছলাম আলমগীৰে দ্য ডেইলী ষ্টাৰ, প্ৰথম আলো, নিউ এজৰ সম্পাদক নুৰুল কবীৰ আৰু অন্যান্য সংবাদ মাধ্যমৰ কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দি এনে হিংসা সংঘটিত কৰাসকলক “বাংলাদেশৰ শত্ৰু” বুলি অভিহিত কৰে। তেওঁ কয় যে শোকগ্ৰস্ত দেশে শ্বৰীফ ওছমান হাদীৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি থকাৰ সময়তে দ্য ডেইলী ষ্টাৰ আৰু প্ৰথম আলোকে ধৰি সংবাদ মাধ্যমৰ লগতে সন্মানীয় সাংবাদিক নুৰুল কবীৰকে ধৰি কেইবাজনো লোকক লজ্জাজনকভাৱে আক্ৰমণ কৰা হয়। ফেচবুক পোষ্টত ফখৰুলে কয় যে বাংলাদেশ এখন সাৰ্বভৌম আৰু স্বাধীন দেশ আৰু প্ৰতিজন নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ। তেওঁ কয় যে ৰাষ্ট্ৰীয় সংকটৰ সুবিধা ল’বলৈ অপেক্ষা কৰা সকল জাতিৰ শত্ৰু। আজি তেওঁলোকে এই কৰুণ মুহূৰ্তটোক ধ্বংসৰ কাৰ্য্যলৈ ৰূপান্তৰিত কৰিলে। বিএনপিৰ নেতাগৰাকীয়ে আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনত হাদী প্ৰাৰ্থী হৈ ভোট বিচাৰি গৈছিল বুলি মন্তব্য কৰে। বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ গঠন হ’ব বুলি আশ্বাস দিয়ে।

শ্বৰীফ ওছমান হাদীৰ পৰিচয়ঃ

২০২৪ চনৰ জুলাই মাহত শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হাদীয়ে আৱামি লীগক সাংবিধানিকভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছিল। শ্বেখ হাছিনাৰ কঠোৰ বিৰোধী হাদীয়েও ভাৰতৰ বিৰুদ্ধে সঘনাই বিষ উলিয়াইছিল। তেওঁ আগন্তুক নিৰ্বাচনত ঢাকা-৮ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাইছিল। ১২ ডিচেম্বৰত এজন অজ্ঞাত আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

পণবন্দীক মুক্তিৰ বাবে দেওবাৰে ইজৰাইলত দেশজোৰা ধৰ্মঘটৰ আহ্বান
আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দশক দশক ধৰি চলি অহা বিবাদৰ অন্ত, ট্ৰাম্পৰ উপস্থিতিত স্বাক্ষৰিত শান্তি চুক্তি
কাঠমাণ্ডুত অনলাইন জুৱা চলোৱাৰ অপৰাধত দুজন ভাৰতীয়কে ধৰি ৫৩ জন গ্ৰেপ্তাৰ | BulletsIn
দক্ষিণ কোৰিয়াৰ প্ৰাক্তন প্ৰথম মহিলা কিম কিয়ন-হী গ্ৰেপ্তাৰ, স্বামী ইতিমধ্যে জেলত
বেলুচিস্তানৰ জাফৰ এক্সপ্ৰেছত বিস্ফোৰণ, চাৰিটা ডবা লাইনচ্যুত, ৭ জন আহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আইচিআইচিআই প্ৰুডেন্সিয়েল এএমচিয়ে ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, আইপিঅ’ বিনিয়োগকাৰী লাভান্বিত
Next Article গোৱা মুক্তি দিৱসত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি, ৰাইজলৈ শুভেচ্ছা জ্ঞাপন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?