কুৱেটা, ০৭ অক্টোবৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত জাফ্ফৰ এক্সপ্ৰেছত সংঘটিত হোৱা এক শক্তিশালী বিস্ফোৰণত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ ৰিপাব্লিক গাৰ্ডে। এই আক্ৰমণত কেইবাজনো পাকিস্তানী জোৱান নিহত হোৱা বুলি দাবী কৰিছে বি আৰ জিয়ে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি মঙলবাৰে সিন্ধ-বেলুচিস্তান সীমান্তৰ সমীপৰ চুলতানকোট অঞ্চলৰ সমীপত কুৱেটা অভিমুখী জাফ্ফাৰ এক্সপ্ৰেছক লক্ষ্য কৰি লোৱা হয়। ৰে’লপথত স্থাপন কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ৰ ফলত কুৱেটা অভিমুখী যাত্ৰীবাহী ৰে’লৰ কমেও চাৰিটা ডবা লাইনচ্য়ুত হয়।
ইফালে, বেলুচ উগ্ৰপন্থী সংগঠন বেলুচ ৰিপাব্লিক গাৰ্ডে (বি আৰ জি) এক বিবৃতিত কয় যে ৰে’লখনত পাকিস্তানী সেনাৰ জোৱান যাত্ৰা কৰি থকা অৱস্থাত ৰে’লখন আক্ৰমণ কৰা হয়। বিস্ফোৰণত কেইবাজনো জোৱান নিহত হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয়। এই আক্ৰমণৰ বাবে ৰে’লখনৰ চাৰিটা ডবা ৰে’লপথৰ পৰা আঁতৰি যায়। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বি আৰ জিয়ে ঘোষণা কৰে যে বেলুচিস্তানৰ স্বাধীনতা নোহোৱালৈকে এনেধৰণৰ আক্ৰমণ অব্যাহত থাকিব।
ইফালে উদ্ধাৰকাৰী দল আৰু নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈছে। বিস্ফোৰণস্থলীৰ পৰা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোত দেখা গৈছে যে বিস্ফোৰণত কেইবাজনো লোক আহত হৈছে। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
