
জেৰুজালেম, ১১ আগষ্ট (হি.স.)। গাজাত পণবন্দী হৈ থকা ইজৰাইলৰ নাগৰিকৰ পৰিয়ালে অহা দেওবাৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। ইজৰাইলৰ নিৰাপত্তা মন্ত্ৰীসভাই শেহতীয়াকৈ যুদ্ধখন আৰু অধিক তীব্ৰতৰ কৰি গাজা চহৰ দখল কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
টেল আভিভত অনুষ্ঠিত এক সংবাদমেলত পৰিয়ালকেইটাই কয় যে আমি সৈনিক আৰু পণবন্দীসকলক বচাবলৈ দেশখনক স্তব্ধ কৰিম। যুদ্ধৰ আৰম্ভণিতে নিহত হোৱা সৈনিকৰ পৰিয়ালক প্ৰতিনিধিত্ব কৰা এই অভিযানত ‘৭ অক্টোবৰ পৰিষদ’য়েও যোগদান কৰিছে।
আয়োজকসকলৰ মতে, এই পদক্ষেপ তৃণমূল পৰ্যায়ৰ আন্দোলন হিচাপে আৰম্ভ হ’ব, য’ত ব্যক্তিগত কোম্পানী আৰু সাধাৰণ নাগৰিকে স্বেচ্ছাই অংশগ্ৰহণ কৰিব। কেইঘণ্টামানৰ ভিতৰতে ‘৭ অক্টোবৰ পৰিষদ’-এ দাবী কৰিলে যে দেওবাৰে শ শ কোম্পানী আৰু হাজাৰ হাজাৰ লোকে কাম বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।
অৱশ্যে দেশৰ সৰ্ববৃহৎ শ্ৰমিক সংগঠন ‘হিস্তাদৰুতে’ এই ধৰ্মঘটত অংশগ্ৰহণ কৰাৰ কথা এতিয়াও ঘোষণা কৰা নাই। সোমবাৰে সংগঠনটোৰ সভাপতি আৰ্নন বাৰ-ডেভিদক সাক্ষাৎ কৰি সমৰ্থন লাভৰ চেষ্টা কৰিব পৰিয়ালটোৱে।
পণবন্দীসকলৰ অন্যতম মতনৰ মাতৃ অনত আংগ্ৰেছে উদ্যোগ আৰু শ্ৰমিকৰ মুৰব্বীসকলক আৱেগিক আহ্বান জনাই কয় যে, আপোনালোকৰ মৌনতাই আমাৰ ল’ৰা-ছোৱালীৰ প্ৰাণ কাঢ়ি লৈছে। হৃদয়ৰ পৰা সমৰ্থন যথেষ্ট নহয়, এতিয়াই আপোনাৰ মাত উঠোৱাৰ সময়। পৰিৱৰ্তন আনিবলৈ আপোনালোকৰ শক্তি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
