ওদালগুৰি, ১০ ফ্ৰেব্ৰুৱাৰী: ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। ২৪ গ্ৰাম হেৰ’ইন সহ দুজন যুৱক আটক কৰিছে। মাজবাট আৰক্ষীয়ে গোপন খৱৰৰ অনুসন্ধান কৰি নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু এছ আই চিত্রনীল দাসৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে মাজবাটৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ ওৰাং ৰূপা পথৰ কাষত অভিযান চলাই ২৪ গ্ৰাম হেৰ’ইন সহ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি থানা এলেকাৰ বাতাচীপুৰ গাওঁৰ জৌংছাৰ ব্ৰহ্ম(২৪) আৰু একে গাওঁৰ নৌজল বসুমতাৰী(২২)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাজবাট থানালৈ লৈ আনে।
মাজবাট অঞ্চলত পোন প্ৰথম বাৰৰ বাবে হেৰ’ইন জব্দ কৰাত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবেৰ সাফল্যক সচেতন লোকে প্ৰশংসা কৰে। মাজবাট আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে জব্দ কৰা হেৰ’ইন খিনিৰ আন্তর্জাতিক বজাৰ মুল্য ৪.৮০ লাখ টকা। আটক কৰা যুৱক দুজনৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল জব্দ কৰে। আজি আটকাধীন যুৱক দুজনক ওদালগুৰি আদালতত হাজিৰ কৰাৰ পিছত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে।
