যোৰহাট, ২৪ অক্টোবৰ (হি স)। যোৰহাট নগৰৰ গড় আলিত মহানৱমী পূজাৰ নিশা উদণ্ড যুৱকৰ উপৰ্যুপৰি চুৰিৰ আঘাতত এজন যুৱক গুৰুতৰভাৱে আহত হয়। যোৰহাট নগৰৰ গড় আলিত সংঘটিত হৈছে এই ঘটনা। আঘাত প্ৰাপ্ত যুৱক জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আইচিইউত ভৰ্ত্তি কৰা হৈছে। চিকিৎসকৰ মতে যুৱক জনৰ অৱস্থা অতি সংকট জনক। যুৱক জন মাছৰহাতৰ বাবু চৌধুৰী বুলি জানিব পৰা গৈছে।
ইফালে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে নিশাই যোৰহাটৰ গড় আলিৰ উক্ত স্থান পৰিদৰ্শন কৰে আৰক্ষী অধীক্ষকে। যোৰহাট আৰক্ষীয়ে উদণ্ড যুৱকৰ দলটোক চিনাক্ত কৰিবলৈ নিশায়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে।ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজনক আটক কৰা হৈছে যদিও আটাইকেইজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
