কোকৰাঝাৰ, ২২ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে আজি ৰাতিপুৱা শ্ৰীৰামপুৰত অভিযান চলাই এখন পাচলিৰ গাড়ীৰ পৰা সাতটা গৰু উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্যতমে ইউকে ১৮ চিএ ৭৩৫০ নম্বৰৰ এখন পাচলি বোজাই বলেৰো পিক আপ ভানত পাচলিৰ তলত সাতটা গৰু আনিছিল সৰবৰাহ চক্ৰটোৱে।
ইফালে আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ আদেশ দিয়াত চালকজনে গাড়ীখন এৰি পলাই যায়। পাছত গাড়ীখন থানাত আনি তলাচী চলোৱাত পাচলিৰ তলৰ পৰা সাতটা গৰু উদ্ধাৰ হয়। গাড়ীখন পশ্চিম বংগৰ পৰা অসম অভিমুখে আহি আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
