মুম্বাই,। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁক তাৎক্ষণিক চিকিৎসাৰ বাবে পুনেৰ ভাৰতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ জ্বৰ আৰু বুকুৰ সংক্ৰমণত আক্ৰান্ত। বৰ্তমান প্ৰতিভা পাটিলৰ স্বাস্থ্যৰ উন্নতি ঘটিছে।
বৃহস্পতিবাৰে চিকিৎসকে জনোৱা মতে, বিগত কেইবাদিনো ধৰি প্ৰতিভা পাটিলৰ (৮৯ বছৰ) স্বাস্থ্যৰ অৱনতি ঘটিছে। বুধবাৰে গভীৰ নিশা স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ ভাৰতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভাৰতী চিকিৎসালয়ৰ চিকিৎসকৰ দলটোৱে প্ৰতিভা পাটিলক সম্পূৰ্ণ তৎপৰতাৰে চিকিৎসা কৰি আছে।
২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভাটাই পাটিল । জলগাঁও বিধান সভা সমষ্টিৰ পৰা প্ৰথমে নিৰ্বাচিত হৈছিল আইন বিশেষজ্ঞ প্ৰতিভাটাই। ইয়াৰ পিছত এছ টি নিগমৰ অধ্যক্ষ হিচাপে আৰু একেৰাহে ২০ বছৰ ধৰি স্বাস্থ্য, পৰ্যটন, সংসদীয় পৰিক্ৰমা, গৃহ নিৰ্মাণ, সমাজ কল্যাণ, সাংস্কৃতিক, জনস্বাস্থ্য সমাজ কল্যাণ, সুৰা নিষেধাজ্ঞা পুনৰ্বাসন, শিক্ষামন্ত্ৰী আদি পদত কাম কৰিছিল।
ইয়াৰ পিছত তেওঁ ৰাজ্যসভাৰ উপ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৯১ চনত অমৰাৱতীৰ পৰা লোকসভাৰ সদস্য হয়। প্ৰতিভাতৈ পাটিলে ৰাষ্ট্ৰপতি হিচাপে থকা সময়ছোৱাত সমগ্ৰ বিশ্বৰ লগত ভাৰতক চিনাকি কৰাই দিছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পিছত পুনেত বসতি স্থাপন কৰে।
