
কামৰূপ, ২৪ ডিচেম্বৰ (হি.স.): বাইহাটা চাৰিআলি আৰক্ষীৰ জালত পৰিছে তিনি দুধৰ্ষ এ টি এম চোৰ । যোৱা কালি মঙলবাৰে বিয়লি অসমৰ ভিন্ন স্থানত এ টি এম চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা চোৰ কেইটা ক্ৰমে মৰিগাঁও জিলাৰ জিয়াৰুল হ’ক,বৰপেটা জিলাৰ ৰামেজ আলী আৰু গোৱালপাৰা জিলাৰ নুৰ আলী ।
বাইহাটা চাৰিআলিত এ টি এম চুৰি কৰিবলৈ লোৱাৰ প্ৰাকমুহুৰ্ততে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপজ্যোতি পাটিৰিৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে চোৰ কেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । গোৱালপাৰাতো চোৰ কেইজনৰ বিৰুদ্ধে ৰুজু হৈ আছিল গোচৰ । বাইহাটা আৰক্ষীয় যাবতীয়া কামকাজ তথা শোধপোচ কৰি গোৱালপাৰা আৰক্ষীক গটায় দিয়ে । চোৰ কেইটাৰ হাতৰ পৰা ৩৯ খন এটি এম কাৰ্ড আৰু নগদ ১৬ হাজাৰ টকা জব্দ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
