মানকাচৰ, ৩১ জানুৱাৰী : দক্ষিণ শালমাৰা মানকাচাৰৰ কালাপানী আৰক্ষীৰ অভিযানত মঙলবাৰে নিশা পিপুলবাৰী গাঁৱৰ পৰা ৭টা চোৰাং গৰুসহ দুজন সৰবৰাহকাৰী আটক কৰা হয়।
কালাপানী আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজন কুকুৰমাৰা গাঁৱৰ আব্দুল মজিদৰ পুত্ৰ আব্দুল কালাম (৩২) আৰু দিয়াৰা গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ ছানাৰুল হুছেইন (৪৫) বুলি জনা গৈছে।কালাপানী আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী দুজনক সোধা পোছা কৰি হাটশিঙিমাৰীৰ জিলা আদালতলৈ প্ৰেৰণ কৰে।
