
ধুবুৰী, ২৬ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বেলতলীত নিষিদ্ধ নিচাজাতীয় ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। অভিযানত যোৱা কালি বৃহস্পতিবাৰে নিশা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে বিলাসীপাৰা আৰক্ষীয়ে।
ধৃত সৰবৰাহকাৰী জন সূৰ্য্যখাতাৰ ৪ নং ৱাৰ্ডৰ ৰেজ্জাক ইছলাম বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন দিনৰ পৰাই ধৃত সৰবৰাহকাৰী জনে চহৰৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই আহিছিল। বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাতুল হালৈৰ নেতৃত্বত চলিছিল এই অভিযান। এই নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত ৭ নং ৱাৰ্ডৰ এগৰাকী যুৱক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। পৰৱৰ্তী সময়ত বিলাসীপাৰা চহৰত ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হৈ পৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
