ইছলামাবাদ, ৩১ জানুৱাৰী : পাকিস্তানৰ বেলুচিস্তানৰ ছিবিত পাকিস্তান তেহৰিক-ই-ইনছাফৰ নিৰ্বাচনী সমাৱেশৰ সময়ত বোমা বিস্ফোৰণত ৪ জন লোক নিহত হোৱাৰ লগতে ৬ জন আহত হয়। আৰক্ষী আৰু স্বাস্থ্য বিষয়াই এই কথা নিশ্চিত কৰিছে।
আগশাৰীৰ কাকত ডনৰ প্ৰতিবেদন অনুসৰি মঙলবাৰে সংঘটিত হয় এই বোমা বিস্ফোৰণ। ছিবিস্থিত জিলা সদৰ চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ বাবৰে হতাহতিৰ সংখ্যা নিশ্চিত কৰিছে। ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ মাত্ৰ ৯ দিন পূৰ্বে সংঘটিত হৈছে এই ঘটনা। ছিবিৰ এছএইচও জকাউল্লাহৰ মতে, আহতসকলক অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বেছিভাগৰে অৱস্থা গুৰুতৰ। যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
পিটিআইয়ে কয় যে দল সমৰ্থিত প্ৰাৰ্থী ছাদ্দাম তাৰীনৰ নিৰ্বাচনী সভাত বোমা বিস্ফোৰণ সংঘটিত হয়। তাৰীন হৈছে এন এ-২৫৩ (জিয়াৰাত) সমষ্টিৰ প্ৰাৰ্থী। নিহতসকলৰ ভিতৰত আছে তিনিজন দলীয় কৰ্মী।
