মৰিগাঁও, ২৮ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ আৰক্ষীৰ জালত পৰিছে তিনি ড্ৰাগছ সৰবৰাহকাৰী। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত লাহৰিঘাটৰ টেঙাগুৰিত অভিযান চলাই ড্ৰাগছসহ এগৰাকী মহিলাৰ লগতে তিনিজনক কৰায়ত্ত কৰে। মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই টেঙাগুৰি বজাৰস্থিত আবুল কাসেমৰ ঘৰত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক কৰায়ত্ত কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে আবুল কাসেম, মমিন আলী আৰু মহিলাগৰাকীৰ নাম মুকচিনা বেগম বুলি জানিব পৰা গৈছে। ধৃত মহিলা গৰাকী আবুল কাসেমৰ পত্নী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ড্ৰাগছ ভৰ্তি দুটা চাবোনৰ বাকচৰ লগতে ১৪০ খালি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী কেইটাক লাহৰীঘাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহকাৰী আবুল কাসেমে পূৰ্বেও জেললৈ গৈছিল।
