নগাওঁ: নগাঁৱৰ ৰূপহীহাটত শনিবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। এই অভিযানত চাৰিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ আটক হয় এটা ড্ৰাগছ সৰবৰাহকাৰী।
উল্লেখ্য যে নগাওঁ কিউআৰটি ৩৪ বেটেলিয়ানৰ অভিযানত চাৰিটাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰাৰ লগতে আতাবুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক আটক কৰে।
নগাঁৱৰ ৰূপহীহাটৰ কোচগাঁৱত অভিযান চলাই জব্দ কৰে ৪৫.৬৫গ্ৰাম ড্ৰাগছ।আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী আতাবুৰ ৰহমানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখে আৰক্ষীয়ে।
