
বৰপেটা, ২২ জুলাই (হি.স.): বৰপেটা ৰোড খৈৰাবাৰী চৰক পূজাৰ মাঠত যোৱাকালি সোমবাৰে বিয়লি ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতে ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে দুই কুখ্যাত ড্ৰাগছ মাফিয়াক। ধৃত ড্ৰাগছ মাফিয়া দুজন ক্ৰমে বৰপেটা ৰোড নিচুকা গাঁওৰ ৰাজীৱ আলী (২৩) আৰু বৰপেটা ৰোড বগুৰাপাৰাৰ সমীপৱৰ্তী খৈৰাবাৰীৰ ছাইফুল ইছলাম (৩০) বুলি পৰিচয় পোৱা গৈছে।
ঘটনা সম্পৰ্কে বৰপেটা ৰোড আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ ধৃত ড্ৰাগছ সৰাবৰাকাৰী ৰাজীৱ আলী আৰু ছাইফুল ইছলামৰ পৰা তালাচী চলাই ৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ আৰু এখন নম্বৰ প্লেট বিহীন ৰাইডাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰাবৰাকাৰী দুজনক কৰায়ত্ত কৰি অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে।
এক বিশেষ সূত্ৰে জানিব পৰা মতে ধৃত ড্ৰাগছ মাফিয়া দুজন ইয়াৰ পূৰ্বেও ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ বাবে জেল হাজোলৈ গৈছিল যদিও জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত হৈ পৰে। কালি বিয়লি খৈৰাবাৰী চৰক পূজাৰ মাঠৰ সচেতন ৰাইজৰ তৎপৰতাত ৯টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰৰ সৈতে ছাইফুল ইছলাম আৰু ৰাজীৱ আলী নামৰ ড্ৰাগছ মাফিয়া দুজনক আটক কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
