নতুন দিল্লী, ২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি (বুধবাৰ)ৰ পৰা ২ মাৰ্চলৈ ঝাৰখণ্ড আৰু ওড়িশা ভ্ৰমণ কৰিব । আজি ৰাঁচীত ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰিব। আজিয়েই তেওঁ ওড়িশাৰ ৰায়ৰাংপুৰত কেন্দ্ৰীয় চৰকাৰৰ অৱসৰ বিনোদন ঘৰ (হলি-ডে হোম)ৰ আধাৰশিলাও স্থাপন কৰিব। এই তথ্য প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)য়ে এক বিবৃতিযোগে প্ৰদান কৰিছে।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰায়ৰাংপুৰত বিভিন্ন পথ প্ৰকল্প আৰু এটা ক্ৰীড়া চৌহদৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ সমান্তৰালকৈ বৰচাহীত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ো উদ্বোধন কৰিব। কাইলৈ (বৃহস্পতিবাৰ) কেওনঝৰৰ গোনাচিকাৰ কদলিবাড়ী গাঁৱত পিভিটিজিৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পিছতে ‘কেওনঝৰৰ জনজাতি: জনসংখ্যা, সংস্কৃতি আৰু ঐতিহ্য’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰখন উদ্বোধন কৰিব। সন্ধিয়া ভুৱনেশ্বৰত উটকল বিশ্ববিদ্যালয়ৰ ৫৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতিগৰাকী।
পিআইবিৰ তথ্য অনুসৰি অহা ১ মাৰ্চত ভাঞ্জা বিহাৰত বেৰহামপুৰ বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে। তাৰ পিছত কটকত ওড়িশা ব্ৰহ্ম কুমাৰীৰ সোণালী জয়ন্তী উদযাপনৰ শোভা বঢ়াব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰৰ ৰাজভৱনত ওড়িশা চৰকাৰে প্ৰধানমন্ত্ৰী জনমন উপস্থাপন কৰাৰ দৃশ্যও প্ৰত্যক্ষ কৰিব। প্ৰকাশিত বাতৰি অনুসৰি, অহা ২ মাৰ্চ অৰ্থাৎ ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশাৰ সম্বলপুৰ জিলাৰ সন্থা কবি ভীমা ভৈৰ সৈতে জড়িত বিভিন্ন স্থান পৰিদৰ্শন কৰিব। সম্বলপুৰৰ মিনি ষ্টেডিয়ামত মহিমা পন্থৰ অনুগামীসকলকো সাক্ষাৎ কৰিব।
