
নগাঁও, ০৪ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ চাপৰমুখ আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সফল অভিযান চলায়। চাপৰমুখত কালি নিশা জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা।
চাপৰমুখ তিনিআলিৰ পৰা কাকতিগাওঁ অভিমুখী এখন ই ৰিক্সাত গাঞ্জা লৈ গৈ থকা অৱস্থাত চাপৰমুখ আৰক্ষীয়ে আটক কৰে। ধৃত গাঞ্জা সৰবৰাহকাৰীৰ নাম জাকাৰিয়া আলি বুলি জানিব পৰা গৈছে । গাঞ্জা সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
