কাৰ্বি আংলং, ০৬ ফেব্ৰুৱাৰী : অসম আৰু নাগালেণ্ড সীমান্তৰ খটখটিৰ আৰক্ষীৰ নাকা তালাচীত যোৱাকালি সোমবাৰে নিশা পুনৰ হেৰ’ইন আৰু কানিসহ এজন লোকক আটক কৰা হয়।প্ৰাপ্ত তথ্যমতে ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী এএছ ২৫ এচি ০০৯৪ নম্বৰৰ পূজা নামৰ এখন নৈশ বাছত তালাচী চলাই খটখটি আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে কানিখিনি ।
নৈশ বাছখনত যাত্ৰীৰূপে অহা মংখানলাল গুইতে নামৰ পুৰুষ ব্যক্তিজনৰ বেগৰ পৰা ১৩ টা চাবোনৰ বাকচত মুঠ ১৫৪.৭৯ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে ১ কেজি ১৭২ গ্ৰাম কানি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । হেৰ’ইন আৰু কানিসহ আৰক্ষীয়ে মণিপুৰৰ লোকজনক আটক কৰি অধিক তথ্যৰ বাবে খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
