ধুবুৰী, আই পি এল জুৱাৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে চাপৰ আৰক্ষীয়ে। চাপৰৰ ৰঙামাটিৰ তেতুলতোলাৰ পৰা নিশা আই পি এল জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। দেওবাৰৰ নিশা আৰক্ষীৰ অভিযানত নগদ ত্ৰিশ হাজাৰ টকা, পাঁচ টা ম’বাইল সহ তিনি জুৱাৰীক আটক কৰা হয়।
আই পি এল খেল আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হৈছে আই পি এলৰ জুৱা। খেল আৰম্ভ হোৱাৰ লগে লগে সক্ৰিয় হৈ পৰিছে আই পি এল জুৱাৰী চক্ৰ। আই পি এল জুৱা খেল অভিযোগত আটকাধীন জুৱাৰী কেইজন ক্ৰমে তেতুলতোলাৰ আব্দুল মালেক, বঙাইগাঁও জিলাৰ ধনতোলাৰ ছলিম উদ্দিন সেখ আৰু আনিছুৰ ৰহমান বুলি জানিব পৰা গৈছে।
