দক্ষিণ শালমাৰা মানকাচৰ, ১৫ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত যোৱাকালি সন্ধিয়া খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক নিচাজাতীয় সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
এক গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গীতাৰ্থ চৌধুৰীৰ নেতৃত্বত হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথৰ হাটশিঙিমাৰীত নাকা চেকিং তালাচী চলাই এখন টেম্পু গাড়ীৰ পৰা উদ্ধাৰ কৰে ২৫০ টা নিচাজাতীয় দ্ৰব্যৰ বটলৰ লগতে আটক কৰে এজন সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰী জন পশ্চিম বঙ্গৰ কোচবিহাৰ জিলাৰ নাককাটিগঞ্জ তুফান গঞ্জৰ গোপাল মণ্ডলৰ পুত্ৰ ৰঞ্জন মণ্ডল (৪৪) বুলি জানিব পৰা গৈছে ৷
পশ্চিম বঙ্গৰ পৰা নিচাজাতীয় দ্ৰব্য খিনি মানকাচৰলৈ লৈ যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে ৷ ধৃত ৰঞ্জন মণ্ডলক খাৰুৱাবান্ধা আৰক্ষী চকীত নি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
