
গুৱাহাটী, ১১ জানুৱাৰী, (হি.স)। সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আমতলাবস্তিত এছটিএফ দলে ড্ৰাগছ বিৰোধী অভিযান চলায়। অসম-মেঘালয় সীমান্তৱৰ্তী আমতলাবস্তিৰ ৰাজা গিৰি নামৰ লোকজনৰ ঘৰত গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত এটা চাবোনৰ বাকচত ১০ টা কন্টেইনাৰত উদ্ধাৰ কৰে ৭০.৫ গ্ৰাম নিষিদ্ধ হে’ৰইন আৰু খালী কন্টেইনাৰ ১৮ টা।
অভিযানৰ সময়ত লগতে জব্দ কৰা হৈছে নগদ ১২,৪০০টকা আৰু ৬টা ম’বাইল ফোন। আনহাতে ৫টা চিৰিঞ্জো জব্দ কৰা হৈছে। এই সন্দৰ্ভত আটক হৈছে ছাবিনা গিৰি নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী। ঘটনা সন্দৰ্ভত এছটিএফৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ
