নগাঁও, ১১ জানুৱাৰী (হি.স.): নগাঁৱৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰমী চিন্তা চৰ্চ্চাই চৰ্চা লাভ কৰিছে। নতুন বছৰৰ আৰম্ভনিতে বিদ্যালয়ৰ প্ৰাচীৰ প্ৰত্ৰিকা খন সুন্দৰকৈ বাঁহ বেতেৰে নিৰ্মাণ কৰি ”মাজুলী” নামেৰে নামাকৰণ কৰাৰ লগতে ছাত্র- ছাত্রীৰ দ্বাৰা মাজুলী সন্দৰ্ভত ভিন্ন কবিতা, প্ৰবন্ধ আদিৰে সজাই পৰাই নকৈ মুকলি কৰিছে।
বিশ্ব ঐতিহ্যক্ষেত্ৰ মাজুলী সম্পৰ্কে ছাত্র-ছাত্রী সকলক আৰু অধিক পৰিচয় কৰাই দিয়াৰ মানসেৰে বিদ্যালয়খনে গ্ৰহণ কৰিছে এই পদক্ষেপ। সেয়ে স্থানীয় ৰাইজ তথা অভিভাৱক সকলে বিদ্যালয় কৰ্তৃপক্ষৰ এই কাৰ্যৰ শলাগ লৈ ধন্যবাদ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
