ইম্ফল, ০৬ ডিছেম্বৰ (হি.স.): মণিপুৰ আৰক্ষীয়ে সন্দেহজনক ব্ৰাউন চুগাৰৰ সৈতে চাৰিজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। চাৰিওজনকে লিংগাংপোকপি আৰক্ষী থানাৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল, আৰক্ষীয়ে আজি জনায়।
পুলিচে তেওঁলোকৰ দখলৰ পৰা মুগা ৰঙৰ পাউডাৰ থকা ২০ টা চাবোন বাকচ জব্দ কৰে। যাৰ মুঠ পৰিমাণ ২৫৪.৫২ গ্ৰাম ব্ৰাউন চুগাৰ, চাৰিটা মোবাইল ফোন আৰু এখন মাৰুতি জিপচী বাহন জব্দ কৰা হয়। পৰৱৰ্তী অনুসন্ধানৰ বাবে জিৰিবাম আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
