
মৰিগাঁও, ২৫ ডিচেম্বৰ (হি.স.): বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দিয়াৰ বাবে মৈৰাবাৰীত য়োৱা কালি বুধবাৰে সন্ধিয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা যুৱকজন মৈৰাবাৰীৰ হাঁহচৰা গাঁৱৰ বাহাৰ উদ্দিন বুলি পৰিচয় পোৱা গৈছে।
দীৰ্ঘদিনৰে পৰা সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ মন্তব্য আগবঢ়ায় আহিছিল যুৱক জনে। ইতিমধ্যে মৈৰাবাৰীৰ ভেলৌগুৰী আৰক্ষীয়ে ৩০/২৫ নম্বৰ গোচৰ ৰুজু কৰি U/S 196(1)/299/353(1)(b)(c)/353(2)BNS যুৱক জনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । যুৱক জনে যুৱতীৰ নামত সামাজিক মাধ্যমত ভুৱা একাউণ্ট খুলি বিভিন্ন দেশদ্রোহী মন্তব্য আগবঢ়ায় আহিছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
