কামৰূপ, । চোৰাংচোৱাৰ পৰা লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে পুৱা অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী যোৰাবাট তিনিআলিত আৰক্ষীৰ এক অভিযানত ২৬ টা চোৰাং গৰু সহ বাহন জব্দ কৰা হয়।
অঞ্চলটোত স্থাপন কৰা এটা তালাচী চকীত যোৰাবাট আৰক্ষীয়ে এ এছ-০১ আৰচি-২৮৪৪ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন বাহন জব্দ কৰি তালাচি চলোৱাত ২৬ টা চোৰাং গৰু সহ বাহনখন জব্দ কৰে। এই সন্দৰ্ভত দৰঙৰ চপাই গাঁৱৰ ফকিৰ আলী(৩৬), কামৰূপ জিলাৰ গোগা গাঁৱৰ দনেশ চৌধুৰী(৩৭) আৰু বৰপেটা জিলাৰ উত্তৰ মইনবৰী গাঁৱৰ ৰফিকুল ইছলাম(২৪) নামৰ তিনিজন সৰবৰাহকাৰীক বাহনখনৰ পৰা আটক কৰি ৰখা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জেৰাৰ সময়ত চালক আৰু কণ্ডাক্টৰে প্ৰকাশ কৰে যে তেওঁলোকে পশুধনসমূহ দৰং জিলাৰ পৰা মেঘালয়ৰ বৰ্নিহাটলৈ লৈ গৈ আছিল। যোৰাবাট আৰক্ষীয়ে এই সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে।
