
কামৰূপ, ১৩ নৱেম্বৰ (হি.স.): কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে মাদক দ্ৰব্য়ৰ বিৰুদ্ধে চলাইছে এক সফল অভিযান । ১৪ কেজি আফিং সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
গোপন খৱৰৰ ভিত্তিত আজি পুৱতি নিশা ৰঙিয়া আৰক্ষীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী অভিমুখে গৈ থকা ডিএল ৮চিএই ৩৬৯৪ নম্বৰৰ হোন্দাই ভাৰ্না বাহনত তালাচী চলাই ১৪ টা পেকেটত ১৪ কেজি আফিং জব্দ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাঞ্জাৱৰ চানগুৰ জিলাৰ মালকিৎ সিং আৰু নাৰিন্দ্ৰ সিং নামৰ দুজন ব্য়ক্তিক । ধৃত দুই সৰবৰাহকাৰীয়ে বহিঃৰাজ্যলৈ আফিং সৰবৰাহ কৰাৰ মুহূৰ্ততে আৰক্ষীৰ জালত পৰে । আৰক্ষীয়ে ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত ধৃত দুই সৰবৰাহকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
