
গোলাঘাট, ২১ জুন (হি.স.): মেৰাপানীত যোৱাকালি বিয়লি জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন। নাগালেণ্ডৰ ক’হিমাৰ পৰা গোলাঘাটলৈ আনি থকা অৱস্থাত অসম আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত জব্দ হয় নিষিদ্ধ হেৰ’ইনখিনি।
উল্লেখ্য় যে এএছ ০৪ টি ১১১০ নম্বৰৰ এখন বাহনত দহটা চাবোনৰ বাকচত সৰবৰাহ কৰা হৈছিল হেৰ’ইনখিনি। ইয়াৰ বজাৰমূল্য বিশ লক্ষাধিক টকা হ’ব বুলি তথ্য দিছে আৰক্ষীয়ে। অভিযানকাৰী দলটোৱে ড্ৰাগছৰ সৈতে দুই সৰবৰাহকাৰী ইন্দ্ৰজীত ডেকা আৰু ৰাজ্জাক আলিকো গ্ৰেপ্তাৰ কৰে। গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক জন দাসে ১৪২ নং চিআৰপিএফৰ সহযোগত গোপন তথ্যৰ ভিত্তিত এই সফল অভিযানৰ নেতৃত্ব দিয়ে।
উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰীয়ে কৌশল সলাই শেহতীয়াকৈ বিলাসী বাহনত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে এই অভিযানত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
