নগাঁও, ০৭ জানুৱাৰী (হি স)। নগাঁও জিলাৰ ৰহাৰ জয়শ্ৰীত নিশা গৰু চোৰ এটা আটক কৰা হৈছে।শনিবাৰে নিশা ১০ মান বজাত ধৰ্মেন্দ্ৰ শৰ্মাৰ গৰু গোহালীত গৰু চোৰ কৰিবলৈ আহোতে আটক হয় চোৰটো ।
উল্লেখ্য যে গাঁওৰক্ষীবাহিনীৰ সম্পাদক ধৰ্মেন্দ্ৰ শৰ্মাই নিশা অতি সাহসেৰে ১৫ বছৰীয়া তেওঁৰ পুত্ৰ আৰু পৰিবাৰৰ সহযোগত চোৰটো হাতে লোতে গোহালীতে ধৰি ৰচীৰে বান্ধি ৰাইজক খৱৰ দিয়াৰ উপৰিও আৰক্ষীক খৱৰ দি নিশাই চোৰটো আৰক্ষীক গতাই দিয়ে । উল্লেখ্য যে বৃহতৰ ৰহা আহতগুৰি, গছপৰা, ডালিমবাৰী আদি অঞ্চলত সঘন গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে ।কেইমাহমানৰ আগতে জয়শ্ৰীৰ ওচৰৰে বামুনীজানত গৰুচোৰৰ গাড়ীৰ খুন্দাত এহাল দম্পতিয়ে মৃত্যুমুখত পৰিছিল ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
