
কাৰ্বি আংলং, ১৬ ছেপ্টেম্বৰ (হি.স.)। কাৰ্বি আংলং জিলাৰ বোকাজানৰ পুৰণা লাহৰিজানত সোমবাৰে নিশা বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেটসহ আৰক্ষীৰ জালত পৰে ২ সৰবৰাহকাৰী। পুৰণা লাহৰিজান আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ছয় মাইলস্থিত ২৯ নং ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ কৰা হয় ট্ৰেমাড’ল (tramadol) আৰু ছেমপ্লেক্স প্লাছ (samplex +) নামৰ নিষিদ্ধ টেবলেট।
জানিব পৰামতে, ডিমাপুৰ দিশৰ পৰা আহি থকা এনএল ০৭ চিবি ০৬৯০ নম্বৰৰ এখন বাহনত তালাচি চলাই চিটৰ পিছফালে লুকুৱাই অনা অৱস্থাত উদ্ধাৰ কৰে টেবলেটখিনি। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে মৰিগাঁও জিলাৰ হাবিজ উদ্দিন আৰু বিহাৰৰ ৰাধেশ্যাম কুমাৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
