
মাদ্ৰিদ, ১৬ ছেপ্টেম্বৰ (হি.স.)। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে কয় যে গাজা যুদ্ধৰ বাবে ইজৰাইলক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত নিষিদ্ধ কৰা উচিত। পেলেষ্টাইন সমৰ্থক প্ৰতিবাদকাৰীয়ে স্পেইনৰ সৰ্ববৃহৎ চাইকেল দৌৰ ৱুৱেলটা এ ইস্পানাই (Vuelta a España) ৰ অন্তিম পৰ্যায়ত ব্যাঘাত জন্মাই দিয়াৰ সময়ত তেওঁ এই বক্তব্য প্ৰকাশ কৰে।
ছানচেজে যোৱা ১৪ ছেপ্টেম্বৰত সংঘটিত হোৱা এই কাণ্ডক লৈ প্ৰতিবাদকাৰীসকলৰ প্ৰতি “গভীৰ প্ৰশংসা” প্ৰকাশ কৰি কয় যে ইউক্ৰেইনত আক্ৰমণৰ পিছত ৰাছিয়াৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, ইজৰাইলৰ বিৰুদ্ধেও একে ব্যৱস্থা গ্ৰহণ কৰা উচিত। তেওঁ কয়, “আমাৰ স্থিতি স্পষ্ট – যেতিয়ালৈকে এই বৰ্বৰতা চলি থাকিব, তেতিয়ালৈকে ৰাছিয়া আৰু ইজৰাইল দুয়োখনেই কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা উচিত নহয়।”
প্ৰায় এক লাখ প্ৰতিবাদকাৰীয়ে মাদ্ৰিদত সমবেত হৈছিল আৰু চাইকেল দৌৰৰ পথ অৱৰোধ কৰে। আৰক্ষীয়ে প্ৰথমে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও পিছত শান্তিপূৰ্ণভাৱে পথটো দখল কৰিবলৈ অনুমতি দিছিল। প্ৰতিবাদৰ মূল লক্ষ্য আছিল এই সন্মানীয় দৌৰত অংশ লোৱা ইজৰাইল-প্ৰিমিয়াৰ টেক দল।
ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰে ছানচেজে প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁৰ চৰকাৰক স্পেইনৰ বাবে লজ্জাজনক বুলি অভিহিত কৰে। স্পেইনৰ বিৰোধী পপুলাৰ পাৰ্টি (PP)য়েও চৰকাৰক সমালোচনা কৰি কয় যে এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশখনৰ বাবে অপমানজনক।
স্পেইনৰ ইহুদী সম্প্ৰদায়ৰ সংগঠন এফ চি জে ই (FCJE)য়েও ইহুদীৰ বিৰুদ্ধে হিংসা আৰু ঘৃণা বিয়পোৱাৰ ন্যায্যতাক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰে।
ৱুৱেলটা (Vuelta) ৰেছৰ পৰিচালক জেভিয়াৰ গুইলেনে ইয়াক “সম্পূৰ্ণ অগ্ৰাহ্য” বুলি অভিহিত কৰি কয় যে ভৱিষ্যতে এনেকুৱা পুনৰ হ’ব নালাগে। ২০২৬ চনত বাৰ্চিলোনাৰ পৰা আৰম্ভ হ’বলগীয়া ট্যুৰ ডি ফ্ৰান্সৰ ওপৰতো প্ৰশ্ন উত্থাপন হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে।
মন কৰিবলগীয়া যে ২০২৩ চনৰ ০৭ অক্টোবৰত ইজৰাইলত হামাছৰ আক্ৰমণত ১২১৯ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছত আৰম্ভ হোৱা ইজৰাইলৰ সামৰিক কাৰ্যসূচীত গাজাত এতিয়ালৈকে ৬৪,৯০৫ জনতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে, ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক। ৰাষ্ট্ৰসংঘই এই পৰিসংখ্যাক নিৰ্ভৰযোগ্য বুলি গণ্য কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
