দৰং, ০২ জানুৱাৰী (হি স)। দৰং জিলাৰ মঙ্গলদৈ গধিয়াপাৰাত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। নৱবৰ্ষৰ প্ৰথম দিনাই চোৰে লুটি নিলে টকা পইচা আ–অলংকাৰ।
গধিয়াপাৰাৰ তিলক ডেকা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ নৱবৰ্ষৰ সন্ধিয়া ঘৰৰ তলা ভাঙি লুলি নিলে সোণৰ অলংকাৰকে ধৰি পাটৰ কাপোৰ আৰু নগদ ধন প্ৰায় ৮০ হাজাৰ টকা। ঘটনা স্থলীত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈ তদন্ত চলায়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
