৩০০০ মিটাৰ ষ্টীপলচেজতো হতাশাজনক প্ৰদৰ্শন পাৰুল-অংকিতাৰ
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। টকিঅ’ত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ হতাশাজনক অভিযান সোমবাৰেও অব্যাহত থাকে। প্ৰথম ৰাউণ্ডতে লং জাম্পাৰ মুৰালী শ্ৰীশংকৰ, স্প্ৰিণ্ট হাৰ্ডলাৰ তেজস শ্বিৰ্ছে আৰু মহিলা ষ্টিপলচেজ দৌৰবিদ পাৰুল চৌধুৰী আৰু অংকিতা ধ্যানী বাহিৰ হয়।
এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী শ্ৰীশংকৰে আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে এবছৰতকৈ অধিক সময় খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছত জুলাই মাহত ঘূৰি আহিবলৈ সক্ষম হৈছিল। ৰেংকিঙৰ ভিত্তিত অন্তিম স্থান দখল কৰি চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰে। কিন্তু টকিঅ’ত তেওঁ ৮.১৫ মিটাৰৰ অৰ্হতাৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে বা শীৰ্ষ ১২ৰ ভিতৰত আহিব নোৱাৰিলে। শ্ৰীশংকৰে ক্ৰমে ৭.৭৮ মিটাৰ, ৭.৫৯ মিটাৰ আৰু ৭.৭০ মিটাৰ জপিয়াই ৩৬ৰ ভিতৰত ২৫ নম্বৰ স্থান দখল কৰে।
ইয়াৰ পূৰ্বে পুৱা মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজ হিটত পাৰুল চৌধুৰী আৰু অংকিতা ধ্যানীয়েও দুৰ্বল প্ৰদৰ্শন আগবঢ়ায়। প্ৰথম হিটত অংকিতাই (ব্যক্তিগত শ্ৰেষ্ঠ ৯:৩১.৯৯ ছেকেণ্ড) দশম স্থান দখল কৰাৰ বিপৰীতে পাৰুলে (ৰাষ্ট্ৰীয় অভিলেখধাৰী ৯:১২.৪৬ ছেকেণ্ড) দ্বিতীয় হিটত ৯:২২.২৪ ছেকেণ্ড সময় লৈ নৱম স্থান দখল কৰে। সামগ্ৰিকভাৱে পাৰুলে ২০ নম্বৰ আৰু অংকিতাই ৩৫ নম্বৰ তথা অন্তিম স্থান দখল কৰে।
পুৰুষৰ ১১০ মিটাৰ হাৰ্ডলছতো হতাশাৰ সন্মুখীন হ’ল ভাৰত। ৰাষ্ট্ৰীয় অভিলেখধাৰী তেজস শ্বিৰ্ছে (১৩.৪১ ছেকেণ্ড) ১৩.৫৭ ছেকেণ্ড সময়েৰে পঞ্চম আৰু অন্তিম হিটত ষষ্ঠ স্থান দখল কৰে। আন চাৰিজন খেলুৱৈয়ে শীৰ্ষ চাৰিজন আৰু ‘বেগী পৰাজয়ী’ হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰে যদিও তেজছে ৪২ জন হাৰ্ডলাৰৰ ভিতৰত সামগ্ৰিকভাৱে ২৯ নম্বৰ স্থান দখল কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
