
ধুবুৰী, ০১ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ বালাজান আৰক্ষীৰ জালত পৰিছে এজন ভূৱা পুলিচ। আৰক্ষীৰ পৰিচয়েৰে সন্ত্ৰাস চলোৱা যুৱকক যোৱাকালি সোমবাৰে আবেলি আটক কৰে আৰক্ষীয়ে। সাহেৱগঞ্জ বজাৰৰ পৰা বালাজান আৰক্ষীয়ে আটক কৰে ময়জুদ্দিন সৰকাৰ নামৰ এজন যুৱকক।
যুৱকজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আৰক্ষীৰ পৰিচয় দি জিলাখনৰ বিভিন্ন প্ৰান্তত দাবী ধমকিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে । ধৃত ভূৱা আৰক্ষীৰূপী যুৱকজন বিলাসীপাৰাৰ উদমাৰী প্ৰথম খণ্ড গাঁৱৰ ছৈয়দ আলীৰ পুত্ৰ ময়জুদ্দিন সৰকাৰ বুলি পৰিচয় পোৱা গৈছে। বিভিন্ন দোকানত বয় বস্তু বাকী নি টকা নিদিয়াৰ অভিযোগ যুৱক জনৰ বিৰুদ্ধে। সম্প্ৰতি বালাজান আৰক্ষীয়ে যুৱক জনক থানালৈ নি জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
