ধুবুৰী, ২৪ নৱেম্বৰ (হি.স.): অবৈধ তীৰ খেলৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীয়ে অভিযান চলাইছে। এই অভিযানত আটক কৰিলে এজন তীৰ খেলৰ এজেন্টক।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি কালি আবেলি গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত মটেৰঝাৰৰ সাহা পাৰাত অভিযান চলায়। অভিযানত সঞ্জীত সাহা নামৰ এজত তীৰ খেলৰ এজেন্টক আটক কৰে। আটকাধীন ব্যক্তি জনৰ পৰা এটা মোবাইল, নগদ ধন ৩৬৪০ টকা আৰু তীৰ খেল হিচাপ নিকাচ কৰা বহী জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
