
ধুবুৰী, ১১ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ ধীৰঘাটত অবৈধ কাঠ ভৰ্তি বলেৰো বাহন এখন জব্দ কৰা হৈছে। শালকোচা আৰক্ষীয়ে যোৱা কালি সোমবাৰে নিশা পেট্ৰলিং কৰি থকা অৱস্থাত জব্দ কৰে কাঠ ভৰ্তি বাহন খন।
কাঠৰ কুণ্ডা লৈ চাপৰ অভিমুখে আহি থকা অৱস্থাত জব্দ কৰা হয় বাহন খন। পৰবৰ্তী সময়ত শালকোচা আৰক্ষীয়ে শালকোচা আঞ্চলিক বন বিভাগক গতাই দিয়ে বাহন খন। বহু দিনৰে পৰা নিশাৰ অন্ধকাৰত অবৈধ কাঠ কঢ়িয়াই নিয়াৰ অভিযোগ কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। বন ধ্বংসকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনায় সংগঠনটোৱে। জব্দকৃত বলেৰো বাহন খনৰ নম্বৰ এএছ ১৯ চি ৪২৭৪ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
