
নগাঁও, ০১ ছেপ্তেম্বৰ (হি.স.): আৰক্ষীয়ে আটক কৰা নকল নোটৰ ব্যৱসায়ীক আৰক্ষীৰ জিম্মাৰ পৰা মোকলাবলৈ লক্ষাধিক টকা যাচি কলিয়াবৰত আটক হয় এগৰাকী মহিলা। ধৃত মহিলা গৰাকী কলিয়াবৰৰ ৩ নম্বৰ বৰঘূলিৰ ৰজিনা খাতুন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে কলিয়াবৰৰ তিনি নম্বৰ বৰঘূলিৰ মুজিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰত শনিবাৰে নিশা অভিযান চলাই চাৰিজন নকল নোটৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় চুলুং আৰক্ষী। আটকাধীন অভিযুক্ত কেইটা ক্ৰমে ৰিয়াজুল ইচলাম (২৮) মীৰাজুল হক (২৪) , চামগুৰিৰ মোৱামাৰি থানা এলেকাৰ আব্দুল ৰহমান (৩৪) আৰু চাজাহান আলী (২৮) বুলি আৰক্ষীয়ে জানিব দিয়ে। ধৃত মীৰাজুল আৰু ৰিয়াজুলৰ ঘৰ বিপুৰীয়া ইচলামপুৰত । ৰিয়াজুল আৰু মীৰাজুলক চামগুৰি আৰক্ষী থানাত ৰুজু হোৱা ১৬৬/২৫ নম্বৰৰ এটি গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৬১(২)(a)/৩৩৬(৩)/১৭৯ ধাৰাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা কালি বিয়লি ধৃত অভিযুক্ত কেইটাক আৰক্ষীয়ে আদালতলৈ নিয়াৰ বাবে সাজু কৰি থকাৰ সময়তে ৩ নম্বৰ বৰঘূলিৰ ৰজিনা খাতুন নামৰ মহিলাগৰাকীয়ে ধৃত অভিযুক্ত কেইটাক মুকলি কৰি দিবলৈ আৰক্ষীক মেনেজ কৰিবলৈ আহি আটক হয়। আটকাধীন ৰেজিনাৰ পৰা আৰক্ষীক মেনেজ কৰিবলৈ অনা ১,৩৬,২০০ টকা ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা বুলি কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়াই সাংবাদিকক জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
