নগাঁও, ২০ অক্টোবৰ (হি স)। দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাৰ পুৱাই কলিয়াবৰৰ বাঘৰগঞা সত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। কাৰণ নিশা চোৰে লৈ লুটি নিলে সত্ৰখনৰ বহু আপুৰুগীয়া সামগ্ৰী। কলিয়াবৰৰ সৰুভগীয়াৰ বাঘৰগঞা সত্ৰত চোৰে চলালে লুটপাত।
উল্লেখ্য় যে ১৬২২ খৃষ্টাব্দত স্থাপিত বাঘৰগঞা সত্ৰত নিশা চোৰে লুটি নিলে পিতলৰ চতুৰ্ভুজ বাসুদেউ মুৰ্তিৰ লগতে সোণ-ৰূপৰ ফুল, নগদ ধন, সাচিপাতৰ পুথিৰ লগতে আন সামগ্ৰী। পুৱাই সত্ৰৰ নামঘৰৰ সকলো তোলাং দেখি দুঃখত ভাগি পৰিছে সত্ৰাধিকাৰ হিৰুপ্ৰসাদ মহন্তৰ লগতে স্থানীয় লোকসকল। জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
