
বৰপেটা, ১২ আগষ্ট (হি.স.): ৰাজ্যত ক্ৰমাত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা। ইয়াৰ মাজতে বৰপেটা জিলাৰ কয়াকুছি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এখন ছয় চকীয়া ট্ৰাকৰ পৰা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। সমান্তৰালকৈ কয়াকুছি আৰক্ষীয়ে আটক কৰে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে আটক কৰা যুৱক দুজন কয়াকুছিৰ ভৌকামাৰীৰ জাকিৰ হুছেইন আৰু বেতবাৰী পাথাৰ গাঁৱৰ শ্বৰিফুল খান বুলি জানিব পৰা গৈছে।
কয়াকুছি আৰক্ষীয়ে যোৱাকালি সোমবাৰে আবেলি কুৰিহাৰ চেকিং পইণ্টত অভিযান চলায়। এই অভিযানৰ সময়ত এএছ ০১ পিচি ৫১৮৬ নম্বৰৰ এখন ৬ চকীয়া ট্ৰাকখনৰ ছিটৰ তলৰ পৰা প্ৰায় ০.০১৬ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই অভিযানৰ সময়ত ট্ৰাকখনৰ পৰা এটা আই ফোন (iPhone) আৰু এটা ম’বাইল জব্দ কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
