–দক্ষিণ শালমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল
দক্ষিণ শালমাৰা মানকাচৰ, ২১ নৱেম্বৰ (হি.স.): দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাটাকাটাত এক মৰেল পুলিচগিৰিৰ ঘটনা সংঘটিত হয়। এজাহাৰত উল্লেখ কৰা মতে দেওবাৰে নিশাৰ ভাগত পাটাকাটা বৰচেদামাৰি গাওঁৰ আমিনুৰ ৰহমান আকন্দৰ পুত্ৰ নাজিমুল হক আকন্দ ( বয়স ১৫ বছৰ) ঘৰৰ পৰা নিৰুদ্দেশ হয়। পিছত এটা অচিনাকী নম্বৰৰ পৰা ফোন কৰি পিতৃ আমিনুৰ ৰহমান আকন্দক একে গাঁৱৰে সাহাজামাল শেখৰ ঘৰত তেওঁৰ লৰা থকাৰ খবৰ দিয়ে ৷
পিতৃ আমিনুৰ ৰহমান আকন্দে সাহাজামাল সেখৰ ঘৰত উপস্থিত হৈ ল’ৰাটোক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা লৈ প্ৰেৰণ কৰে আৰু দক্ষিণ শালমাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে এজাহাৰ ভিত্তিত আজি অভিযান চলাই ৩ জনক অভিযুক্ত ক্ৰমে সাহাজামাল শেখ, মহিবুল ইছলাম আৰু জিয়াদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয়।বৰ্তমান আৰক্ষীয়ে মৰেল পুলিচগিৰি কৰা তিনি অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰে আৰু এজাহাত সন্নিৱিষ্ট কৰা আন আচামী সকলক কৰায়ত্ত কৰাৰ বাবে অভিযান চালাই আছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
