
কামৰূপ, ০৭ আগষ্ট (হি.স.): তীৰ্থ নগৰী হাজোত সংঘটিত হৈছে বৃহৎ চুৰি কাণ্ডৰ ঘটনা । পিতল উদ্যোগত চলিল চোৰৰ চাফাই অভিযান । চোৰে উঠাই লৈ গ’ল কেইবা কোটি টকাৰ যন্ত্ৰ পাতি লগতে লুটি নিলে কাহ পিতল শিল্পৰ কেঁচা সামগ্ৰী । তীৰ্থ নগৰী হাজোত পিতল উদ্যোগৰ ভিতৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা।
মন কৰিবলগীয়া যে বছৰ বছৰ ধৰি পৰি থকা উদ্যোগটোত নাছিল কোনো বিষয়া, কোনো কৰ্মচাৰী, কোনো চকিদাৰ। এই পৰিত্যক্ত অৱস্থাৰ সুযোগ ল’লে চোৰে। দিন-ৰাতি নিঃশব্দত চলিল চোৰৰ চাফাই অভিযান। যি উদ্যোগত কেতিয়াবা গুঞ্জৰিত হৈছিল মেচিনৰ শব্দ, আজিৰ দিনত শুনা যায় কেৱল শূন্যতাৰ নীৰৱতা। স্থানীয় ৰাইজৰ অভিযোগ, এই উদ্যোগটো হাজোৰ গৌৰৱ আছিল। পিতল শিল্পৰ এটা চকু মেলি চাই থকা আশা আছিল কিন্তু এতিয়া তাৰ কেবল খোলনি মাত্ৰ বাকি। এতিয়া উদ্যোগটোত থকা কোটি টকাৰ যন্ত্ৰপাতি আৰু কেঁচা সামগ্ৰী চুৰি হোৱা ঘটনাই বহুতো প্ৰশ্ন তুলিছে । লগতে উদ্যোগটো এনেধৰণে অৱহেলিত হৈ পৰি থকাক লৈয়ো সচেতন মহলক আশ্বৰ্যচকিত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
