
ধেমাজি, ১১ ছেপ্টেম্বৰ (হি.স.): ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত বুধবাৰে বিয়লি গোগামুখ নাহৰবাৰী তিনিআলিস্থিত ৰুদ্ৰানী হোটেলৰ পৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । লগতে এই দুজন ব্যক্তিৰ পৰা এটা পিষ্টল আৰু এটা এয়াৰ গান উদ্বাৰ কৰে আৰু লগতে এখন মটৰ চাইকেলও জব্দ কৰিবলৈ সক্ষম হয়।
অভিযুক্ত দুজন ব্যক্তি ক্ৰমে ঢকুৱাখানাৰ উজনি ধদাবাৰী গাঁৱৰ কানু পেগু আৰু নামনি ধদাবাৰী গাঁৱৰ গগন পেগু বুলি জানিব পৰা গৈছে। বৰ্তমান গোগামুখ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
