বাক্সা, ০১ ছেপ্তেম্বৰ (হি.স.): শালবাৰী জিলা বি পি এফৰ কেইবাগৰাকী নেতাৰ যোৱাকালি দেওবাৰে সন্ধিয়া সাংবাদ মেল পাতি বিটিআৰ নিৰ্বাচনত দলটোৰ প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনডেন হোৱাৰ বিস্ফোৰক অভিযোগ তোলে। অভিযোগ মতে টকা নথকাৰ বাবে বি পি এফ দলৰ দলীয় টিকট লাভ নকৰিলে শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা শালবাৰী জিলা সভাপতি ভূৱনেশ্বৰ গয়াৰী (অৰূপে) ।
২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ টিকট দিগন্ত গয়াৰীয়ে লাভ কৰাৰ পিছতে দলীয় কৰ্মীৰ লগতে জিলা সমিতিৰ কেইবাগৰাকী নেতাই ক্ষোভ ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
