জম্মু, ০১ ছেপ্টেম্বৰ (হি.স.)। শেহতীয়াকৈ হোৱা প্ৰচণ্ড বৰষুণ, ক্ষন্তেকীয়া বানপানী, ভূমিস্খলন আৰু মাটি খহনীয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যোৱা ৩১ আগষ্টৰ পৰা আৰম্ভ হোৱা দুদিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি পুৱা আকাশী জৰীপ চলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়-ক্ষতি আৰু চলি থকা সাহায্যৰ কামৰ মূল্যায়ন কৰিব।
পুৱা প্ৰায় ১০:৪৫ বজাত গৃহমন্ত্ৰীয়ে শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰৰ বেচ কেম্প কাটৰা আৰু মেঘ বিস্ফোৰণ আৰু ভূমিস্খলনে জীৱন, সম্পত্তি আৰু আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰা কিস্তৱাৰকে ধৰি বানপীড়িত অঞ্চলসমূহৰ আকাশী জৰীপ আৰম্ভ কৰে। মচাইল মাতা আৰু বৈষ্ণো দেৱী যাত্ৰাৰ বহু তীৰ্থযাত্ৰীকে ধৰি বহু সংখ্যক লোকে এই দুৰ্যোগত প্ৰাণ হেৰুৱাইছে।
আকাশী জৰীপৰ অন্তত গৃহমন্ত্ৰী শ্বাহে ৰাজভৱনত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰিব। এই বৈঠকত ক্ষতিগ্ৰস্ত জিলাসমূহত সাহায্য, উদ্ধাৰ আৰু পুনৰ্বাসন অভিযান ত্বৰান্বিত কৰা আৰু সঁহাৰিৰ প্ৰচেষ্টাৰ মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। গৃহ মন্ত্ৰণালয়, জম্মু-কাশ্মীৰ প্ৰশাসন আৰু নিৰাপত্তা সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলে চলি থকা অভিযানৰ অৱস্থাৰ বিষয়ে গৃহমন্ত্ৰীক অৱগত কৰিব।
উপ-ৰাজ্যপাল মনোজ সিনহা, শীৰ্ষ আমোলা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে ক্ষতিৰ মূল্যায়ন, আন্তঃগাঁথনিৰ ক্ষতি আৰু কাৰ্যকৰী হৈ থকা সাহায্য ব্যৱস্থাৰ বিশদ প্ৰতিবেদন দাখিল কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এটা দলে শ্বাহক গোটেই ভ্ৰমণৰ সময়ছোৱাত সংগ দি আছে।
ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য, পুনৰ্বাসন আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত গুৰুত্ব দিব শ্বাহে। গৃহমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক সহায় কৰিবলৈ সংযোগ পুনৰুদ্ধাৰ, পুনৰ্বাসনৰ প্ৰচেষ্টা আৰু অন্যান্য বিষয়সমূহৰ সৈতে জড়িত সিদ্ধান্ত ঘোষণা কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
