যোৰহাট, ১৬ আগষ্ট (হি.স.)। যোৰহাটৰ এখন বিদ্যালয়ত ছাত্রই শিক্ষা গ্ৰহণ কৰাৰ উপৰিও খুলিছে লেয়াৰ কুকুৰা ফাৰ্ম l অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰথম আৰু প্ৰশংসনীয় পদক্ষেপ l কুকুৰা পুহি কণী উৎপাদন কৰি জ্ঞান অৰ্জন কৰিছে স্বাৱলম্বিতাৰ। অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগে প্ৰথম বাৰৰ বাবে যোৰহাটৰ বাঘচোং ডনবস্ক বিদ্যালয়ত আৰম্ভ কৰিছে এখন লেয়াৰ কুকুৰাৰ ক্ষুদ্ৰ ফাৰ্ম।
যিখন ফার্মত প্রথম ১২০ জনী লেয়াৰ কুকুৰা ৰখা হৈছে। কুকুৰাৰ পোৱালি কণী দিব পৰা পর্যায়লৈ প্রয়োজনীয় প্ৰতিপালন কৰিছে যোৰহাট জিলা পশু চিকিৎসা বিভাগে। বর্তমান কুকুৰা বোৰে কণী পৰা আৰম্ভ কৰিছে। আবাসী ছাত্র সকলক কুকুৰা পালন সম্পর্কীয় বাস্তৱ আৰু কাৰিকৰী শিক্ষা দিয়া হৈছে। পশু চিকিৎসা বিভাগৰ মুল উদেশ্যে যাতে ভৱিষ্যতে তেওঁলোকে একোখন বৃহৎ কুকুৰা ফার্ম খুলি হ’লেও স্বাৱলম্বী হব পাৰে।
তদুপৰি বিদ্যালয় খনৰ আবাসি ছাত্ৰ সকলে কৰি আহিছে অমিতাকে ধৰি বিভিন্ন শাক পাচলি আৰু ফল মূলৰ খেতি। খেতি কৰি নিজে বাস্তৱ কাৰিকৰী জ্ঞান লোৱাৰ লগতে নিজেও খেতিৰ জৰিয়তে উৎপাদন কৰি আহিছে জৈৱিক শাক পাচলি আৰু ফল মূল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
