
কোকৰাঝাৰ, ২০ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুৰ পৰা আৰক্ষীয়ে কালি সন্ধিয়া অভিযান চলাই নিচাযুক্ত টেবলেট সহ এজন যুৱকক আটক কৰে। শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ সন্দিকৈয়ে গোপন সূত্ৰত খবৰ লাভ কৰি শিমুলটাপুৰ এখন তেল ডিপোৰ সন্মুখত সন্দেহজনকভাৱে ঘুৰাঘুৰি কৰি থকা যুৱকজনক আটক কৰি তালাচী চলোৱাত তেওঁৰ পৰা ১৮ টা দৰবৰ পেকেট উদ্ধাৰ হয়।
উক্ত পেকেটৰ পৰা ২,৫,৮১ টা নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জালত পৰা যুৱক জন হৈছে চিৰাং জিলাৰ ৰুনিখাতা থানাৰ হাতীসাৰ গাঁৱৰ প্ৰয়াত ইন্দ্ৰ বাহাদুৰ তামাংৰ পুত্ৰ মনবীৰ তামাং (৩২)। আৰক্ষীৰ জালত পৰা যুৱকজন উক্ত নিচাযুক্ত টেবলেট শিলিগুৰিৰ পৰা আনি অসম-বংগ সীমান্তৰ শিমুলটাপু অঞ্চলত সৰবৰাহ কৰাৰ বাবে আহিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
