দক্ষিণ শালমাৰা মানকাচৰ, ১৪ আগষ্ট (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত বাংলাদেশ সীমান্তৱৰ্তী কালিৰ আলগা আৰু কোকৰাডাংঙাত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়া চলি আছে। এই সন্দৰ্ভত জলসম্পদ বিভাগে জিও বেগ আৰু চিমেণ্টৰ খুটিৰ দ্বাৰা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলাই আছে যদিও গৰাখহনীয়া অব্যাহত আছে। এনেকৈ গৰাখহনীয়া প্ৰতিৰোধ কৰা সম্ভৱ নহয় বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে।
গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ হ’লে বল্ডাৰৰ যোগেদি প্ৰতিৰোধ সম্ভৱ বুলি ৰাইজে চৰকাৰৰ ওচৰত দাবী জনায়। উল্লেখ্য যে এনেকৈ গৰাখহনীয়া চলি থাকিলে শিশুমাৰা বিএছ কেম্প; সীমান্ত পথ; কাইটিয়া তাঁৰৰ বেৰৰ প্ৰতি যে ভাবুকি কঢ়িয়াই আনিব সেয়া কোনেও নুই কৰিব নোৱাৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
