নগাঁও, ১৪ জানুৱাৰী (হি.স.)। অসমীয়া বাপতি সাহোন মাঘ বিহুৰ আজি উৰুকা। উৰুকাৰ নিশা সকলোবে লগে ভাগে এসাজ খোৱাৰ বাবে মাছৰ বজাৰ সমূহত ৰাইজৰ যঠেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে।
নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান বজাৰ এখন উল্লেখযোগ্য বজাৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ শান্তিজান বজাৰৰ পৰাই মাছ সমূহ ৰপ্তানি হয়। উৰুকা উপলক্ষে নিশাৰ পৰা পুৱালৈ উখল-মাখল পৰিবেশ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
