মৰিগাঁও, ০৮ ডিচেম্বৰ (হি.স.)। জাগীৰোডত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।
সদৌ তিৱা ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া মৌলিক দাবীসমূহ পূৰণ নকৰাক লৈ এই প্ৰতিবাদ। তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, ট্রাইবেল বেল্ট ব্লকত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা,টাটা ছেমিকণ্ডাক্টৰত স্থানীয় শিক্ষিত জনজাতি যুৱক-যুৱতী সকলক প্রথম পয্যায়ত নিযুক্তি প্ৰদান কৰা,বিশেষ টেট অনুস্থিত কৰি তিৱা ভাষা শিক্ষক নিযুক্তি প্রদান কৰাৰ লগতে ভাৰতৰ সংবিধানত জনজাতি তালিকাত লালুঙৰ পৰিৰ্বতে তিৱা” নামেৰে নামাকৰণ কৰা আদি কেইবাটাও দাবীৰে এই পথ অৱৰোধ।
এই দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত অধিক শক্তিশালীভাৱে প্ৰতিবাদ কৰাৰ হুংকাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
