গোলাঘাট, ২৩ আগষ্ট (হি.স.)। বন কৰ্মী দশমী দুৱৰা মৃত্যুৰ তদন্ত বিচাৰি বোকাখাতত উত্তাল প্ৰতিবাদ ৩১ টা ছাত্ৰ সংগঠনৰ। বোকাখাতৰ বন বিভাগৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী হাতত ললে ছাত্ৰ সংগঠন কেইটাই।
উত্তাল প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত বোকাখাতৰ প্ৰশাসনিক বিষয়া সকল। দশমী দুৱৰাৰ মৃত্যুৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাই জৱাবদিহি কৰিলে প্ৰশাসনৰ লোকক। ডিএফঅ ক সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালে ছাত্ৰ সংগঠন কেইটাই। দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদী সকলে। উল্লেখ্য যে প্ৰতিবাদকাৰী সকলৰ দাবী পুৰন নহ’লে ২৭ আগষ্টত গোলাঘাট জিলা বন্ধ ঘোষণা কৰাৰ হুংকাৰ সংগঠন কেইটাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
